সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Education  / গুৰুত্বপূৰ্ণ বিষয়ৰহে হ’ব পৰীক্ষা!

গুৰুত্বপূৰ্ণ বিষয়ৰহে হ’ব পৰীক্ষা!

ৰাজ্য সমূহে নিজাববীয়াকৈ ল’ব সিন্ধান্ত

নতুন দিল্লী, ২৪ মে’: ক’ৰনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশত সৃষ্টি কৰা ভয়াবহ  পৰিস্থিতিৰ বাবে দেশবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যদিও সবাতোকৈ সমস্যাত পৰিছে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকল৷ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান  পৰীক্ষা অনুষ্ঠিত হোৱা নোহোৱা বিষয়টোক লৈ দোমোজাত পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত কেইবালানি   বৈঠকত মিলিত হয় আৰু  ইতিমধ্যেএই ভাৰ্চুৱেল বৈঠকৰ মাজতে ৰাজ্যসমূহৰ শিক্ষামন্ত্ৰীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আয়োজন কৰাৰ সন্দৰ্ভত নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিছে। এই গুৰুত্বপূৰ্ণ বৈঠকখনত কেন্দ্ৰীয় চৰকাৰক চিবিএছই -এ দুটা প্ৰস্তাৱ আগবঢ়াইছে।  চিবিএছইৰ তৰফৰ পৰা  ৰাজ্যৰ ব’ৰ্ডবোৰক এই ক্ষেত্ৰত নিজাববীয়াকৈ সিন্ধান্ত লোৱাৰ অনুমতি প্ৰদান কৰা হৈছে।চিবিএছইয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ দুটা প্ৰস্তাৱ হৈছে –  প্ৰধান বিষয় কেইটাৰহে পৰীক্ষা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হোৱা উচিত। উল্লেখ্য যে, চিবিএছইৰ অধীনত প্ৰতি বছৰে  দ্বাদশ শ্ৰেণীৰ মুঠ ১৭৪টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়।  ইয়াৰে  ২০টা বিষয় চিবিএইছৰ অতি গুৰুত্বপূৰ্ণ বিষয়। উক্ত বিষয়বোৰৰ ভিতৰত আছে- ৰসায়ন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, ইতিহাস, ৰাজনীতি বিজ্ঞান, বাণিজ্য, ভূগোল, অৰ্থশাস্ত্ৰ আৰু ইংৰাজী বিষয়।

আনহাতে, দ্বিতীয়টো প্ৰস্তাৱ  হৈছে যে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ বিদ্যালয়তে এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰীক্ষাত বহিব পাৰিব। চিবিএছইৰ তৰফৰ পৰা লগতে এই কথাও স্পষ্ট কৰা হৈছে  যে নিজৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত বহিলে এই পৰীক্ষা ৩ ঘন্টাৰ পৰিৱৰ্তে ডেৰ ঘন্টা সময়ৰ বাবেহে অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হ’ব।