শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিজেপিৰ যোগাসন শিবিৰ

বিজেপিৰ যোগাসন শিবিৰ

ক’ভিড পৰিত্ৰাণৰ বাবে এই পদক্ষেপ

গুৱাহাটী, ২৫ মে’: যোগাসন হৈছে শৰীৰটোক সুস্থ-সবল কৰি ৰখাৰ উত্তম উপায়। কৰ’না ৰোগত আক্রান্তসকলে যোগাসনৰ জৰিয়তে নিজকে মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ কৰি  ৰাখি দ্ৰুত আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। ক’ভিডৰ জটিল  পৰিস্থিতিৰ মাজতো যাতে ৰাজ্যৰ জনসাধাৰণ সুস্বাস্থ্য আৰু নিৰোগী হৈ থাকে এই উদ্দেশ্য আগত ৰাখি  ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত আজিৰে পৰা ৭ দিনীয়াকৈ ‘অনলাইন যোগাসন শিবিৰ’ৰ আয়োজন কৰা হৈছে ৷  ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত অনলাইন যোগাসন কাৰ্যৰ শুভাৰম্ভণি কৰে  ৰাজ্যিক বিজেপিৰ  সভাপতি ৰণজিত কুমাৰ দাস, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। হোজাইৰ বিধায়ক তথা বিজেপিৰ জোষ্ঠ নেতা ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ তত্বাৱধানত পৰিচালিত হোৱা যোগাসন অনুষ্ঠানটিত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীকে আদি কৰি ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া আৰু কেইবাজন বিধায়কো উপস্থিত থাকে। উল্লেখ্য যে এই অনলাইন যোগাসন শিবিৰ ৰাজ্যিক বিজেপিৰ বিভিন্ন মৰ্চাৰ নেতৃত্বত তথা ৩৯ খন সাংগঠনিক জিলাৰ সহযোগত সমগ্ৰ অসমতে ৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব।