সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভয়ত ভ্ৰম বকিছে মুখ্যমন্ত্ৰীয়ে!

ভয়ত ভ্ৰম বকিছে মুখ্যমন্ত্ৰীয়ে!

অখিল গগৈক মানসিক ৰোগী বুলি কোৱাটো চৰম উপহাস

গুৱাহাটী, ২৪ মে’: আজি পঞ্চদশ বিধানসভাৰ অধিবেশনৰ তৃতীয় তথা অন্তিম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মানসিক ৰোগী বুলি ব্যক্ত কৰা বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই৷ সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ বিৰুদ্ধে সৰব হোৱাৰ পিছত  মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই।ভাস্কো ডি শইকীয়াই কয় ,  “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সৈতে মুখামুখি হ’বলৈ ভয় খাইছে।অখিল গগৈৰ মুখামুখি হোৱাৰ সাহস হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াও নাই,আগতেও নাছিল আৰু ভবিষ্যতেও নহ’ব৷সেই বাবেই
 বিভিন্ন কূটকৌশলেৰে অখিল গগৈক বিধানসভালৈ অহাত বাধা দিয়াৰ কৌশল ৰচনা কৰা হৈছে। শিৱসাগৰৰ বিধায়কগৰাকীক মুখ্যমন্ত্ৰীয়ে মানসিক ৰোগী আখ্যা দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক৷”ভাক্সো ডি শইকীয়াই লগতে কয়  “গৃহ আৰু ৰাজনৈতিক বিভাগে আইন শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি অখিল গগৈক আহিবলৈ দিয়া নাই। আনহাতে, মুখ্যমন্ত্ৰীয়ে মানসিক ৰোগী আখ্যা দিছে। তেন্তে কাৰ ভাষ্য সত্য বুলি আমি ভাবিম?”  অখিল গগৈয়ে কোনোধৰণৰ   ক’ভিড প্ৰটকল ভংগ কৰা নাই। মুখ্যমন্ত্ৰীয়েহে মাজুলীত ক’ভিড প্ৰটকল ভাঙিছিল বুলি মন্তব্য কৰে ৰাইজৰ দলৰ নেতাজনে।আনহাতে,মানসিক ৰোগী বুলি কৈ অখিল গগৈৰ লগতে শিৱসাগৰবাসী ভোটাৰ ৰাইজক চৰম উপলুঙা কৰা বুলিও মন্তব্য কৰে শইকীয়াই৷