শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আৰ্তজনৰ কাষত জাতীয়তাবাদী সংগঠন

আৰ্তজনৰ কাষত জাতীয়তাবাদী সংগঠন

শ্ৰমজীৱি জনতাক সকাহৰ চেষ্টা

নগাঁও, ২৪ মে’: সমগ্র ৰাজ্য খনৰ লগতে নগাঁও জিলাতো কৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। চৰকাৰে কৰ’না নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা ক’ভিড প্ৰটকল অনুযায়ী দিনৰ ১১ বজাৰ পৰা সকলোবোৰ দোকান-পোহাৰ, কল কাৰখানা আদি বন্ধ হৈ যোৱাৰ ফলত শ্ৰমজীৱি জনতা যেনে ৰিক্সাৱালা, ঠেলাৱালা আদি বহু লোক অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হৈছে। এনে বহু লোক এতিয়া খাদ্য সংকটত পৰিব লগীয়া হৈছে । এনে এক জটিল পৰিস্থিতিত এই লোক সকলক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি। পৰিষদৰ জিলা কাৰ্যালয়ত স্থাপন কৰিছে এক খাদ্য ভঁড়াল । ইতিমধ্যে বিভিন্ন জনে পাৰ্য মানে সহায়ৰ হাত আগবঢ়াইছে । বিভিন্ন জনৰ সহায় সহযোগিতাক মূলধন হিচাপে লৈ আজিৰ পৰা পৰিষদৰ নগাঁও জিলা সমিতিয়ে দৰিদ্ৰ পথচাৰী ,  ৰিক্সাৱালা , ঠেলাৱালা আদিক খাদ্যৰ যোগান ধৰিছে । আজি পৰিষদৰ জিলা কাৰ্যালয়ত এই কাৰ্যসূচীৰ পতাকা জোকাৰি শুভ উদ্ধোধন কৰে পৰিষদৰ কেন্দ্ৰীয়  প্ৰাক্তন   সাধাৰণ সম্পাদক কনক হাজৰিকা আৰু বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মুকুট বৰাই । জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই আঁত ধৰা এই অনুষ্ঠানত জিলা সভাপতি দ্বীপমনি বৰাই পৰিষদে গ্ৰহণ কৰা এই পদক্ষেপৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে । আজি প্ৰায় ২ শতাধিক দৰিদ্ৰ পথচাৰী ৰিক্সাৱালা , ঠেলাৱালা আদিক আহাৰ যোগান ধৰে। পৰিষদৰ এই কাৰ্যসূচী অনাগত দিনতো অব্যাহত থাকিব। আজিৰ এই কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ উপদেষ্টা বিপুল শইকীয়া, যুটীয়া সম্পাদক দেৱাৰ্শীষ দাস,সাংগঠনিক সম্পাদক প্ৰবাল শৰ্মা, বিত্ত সম্পাদক হেমন্ত দাসকে প্ৰমুখ্যে বিভিন্ন আঞ্চলিক সমিতিৰ  বহু কেইজন বিষয় ববীয়াই অংশ গ্ৰহণ কৰে । যুৱ- ছাত্ৰ পৰিষদৰ এই পদক্ষেপক নগাঁৱৰ সকলোৱে প্ৰশংসা কৰিছে।