বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ইন্টাৰনেট এক্সপ্ল’ৰাৰ গতি ৰুদ্ধ

ইন্টাৰনেট এক্সপ্ল’ৰাৰ গতি ৰুদ্ধ

বিচাৰিলেও নাপাব আৰু এক্সপ্ল’ৰাৰক

নিউয়ৰ্ক, ২৫ মে’: ইন্টাৰনেট এক্সপ্ল’ৰাৰ নামৰ  এসময়ৰ জনপ্ৰিয় ৱেব ব্ৰাউজাৰটোৰ যাত্ৰাত যতি পৰিছে৷ অত্যন্ত ধীৰ গতিৰ বাবে সামাজিক মাধ্যমত কার্যতঃ অকামিলা আৰু অব্যৱহৃত হৈ আছিল এসময়ৰ জনপ্রিয় এই ৱেব ব্রাউজাৰ।     উপায়হীন হৈ অৱশেষত এই ব্রাউজাৰ বন্ধৰ সিন্ধান্তৰ কথা ঘোষণা কৰিলে মাইক্র’চফ্ট কোম্পানীয়ে। অৱশ্যে ২০২২ চনৰ ১৫ জুন পর্যন্ত ব্যৱহাৰ কৰিব পাৰিব এই ইন্টাৰনেট এক্সপ্ল’ৰাৰ। মাইক্র’চফ্টৰ এজ্ ব্রাউজাৰটো হ’ব  ইন্টাৰনেট এক্সপ্ল’ৰাৰৰ বিকল্প। এই এজ্‌ ব্ৰাউজাৰৰ গতি অধিক মসৃণ আৰু দ্রুত হ’ব বুলি জনালে মাইক্র’চফ্টৰ এজ প্রগ্রাম মেনেজাৰ চিন লিণ্ডাৰছেই। উল্লেখযোগ্য যে এই বছৰৰ শেষৰ পৰাই কম্পিউটাৰৰ ইন্টাৰনেট এক্সপ্ল’ৰাৰ কার্যতঃ বিকল হৈ পৰিব। 

 ব্রাউজিঙৰ পৃথিৱীত গুগল ক্র’ম, ইউছি ব্রাউজাৰ, ফায়াৰ ফক্স, অ’পেৰাৰ দৰে দ্রুত ব্রাউজাৰৰ সৈতে প্ৰতিযোগিতাত ফেৰ মাৰিব নোৱাৰা হ’ল  ইন্টাৰনেট এক্সপ্ল’ৰাৰে। এসময়ৰ জনপ্ৰিয় ব্ৰাউজাৰটো কোনেও ব্যৱহাৰ নকৰাৰ বাবেই মাইক্ৰচফ্টে বন্ধ কৰি দিয়াৰ সিন্ধান্ত লোৱা বুলি কোম্পানীৰ সূত্ৰই প্ৰকাশ কৰিছে৷