বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / উৎপীড়ন বন্ধ কৰক,সকীয়ালে ৰাইজৰ দলে

উৎপীড়ন বন্ধ কৰক,সকীয়ালে ৰাইজৰ দলে

ফেচিষ্ট মানসিকতা আঁতৰোৱাৰ আহ্বান

গুৱাহাটী, ২৫ মে’: কালি মাজনিশা কোনো কাৰণ নোহোৱাকৈ ৰাইজৰ দলৰ সম্পাদক পদ্মকান্ত দাস, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰ, বীৰ লাচিত সেনাৰ চিতু বৰুৱা, অসম ছাত্ৰ যুৱ সন্মিলনৰ জিন্তু মেছক শিৱসাগৰ আৰক্ষীয়ে চোৰ ডকাইতৰ দৰে শোৱাপাটীৰ পৰা উঠাই আনি আটক কৰাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে ৰাইজৰ দলে। ইয়াৰোপৰি ৰাইজৰ দলৰ লগতে জাতীয় সংগঠন কেইটাৰ কেইবাজনো নেতাৰ ঘৰত মাজনিশা তালাচী চলাইছে শিৱসাগৰ আৰক্ষীয়ে। সংবাদ মাধ্যমলৈ  প্ৰেৰণ কৰা এক বিবৃতিত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, কৱীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকাই কয় যে গণতান্ত্ৰিক দেশ এখনৰ বাবে ই অতিশয় লজ্জাজনক বিষয়। চৰকাৰী পৃষ্ঠপোষকতাত চলা এনেবোৰ কৰ্মকাণ্ডই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ ফেচিষ্ট ৰূপ উদঙাই দিছে। ৰাইজৰ দলৰ তৰফৰ পৰা চৰকাৰক স্পষ্টভাৱে জনাইছে  যে ভয়, ভাবুকি আৰু দমন নীতিৰে তেওঁলোকৰ সংগ্ৰাম স্থবিৰ কৰিব নোৱাৰিব। সেয়ে ভৱিষ্যতে দলটোৰ কৰ্মী তথা শুভাকাংক্ষীৰ ওপৰত এনে সন্ত্ৰাস কঢ়িয়াই আনি কৰা এনে ধৰণৰ কাণ্ডৰ পৰা আৰক্ষী প্ৰশাসনক আতঁৰাই ৰাখক। নহ’লে এনেবোৰ কৰ্মকাণ্ডৰ জৰিয়তে অসমত পুনৰ এক অশুভ পৰম্পৰাৰ সৃষ্টি হ’ব বুলিও স্পষ্টকৈ সকীয়াই দিছে ৰাইজৰ দলে৷