বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিডৰ নতুন ঔষধ

ক’ভিডৰ নতুন ঔষধ

৬০ হাজাৰ ব্যয়ত সুস্থ হ’ব এজন

নতুন দিল্লী, ২৫ মে’: ক’ভিড মহামাৰীৰ এক নতুন ঔষধ ভাৰতৰ বজাৰত উপলব্ধ হৈছে৷এই নতুন ঔষধ বিধৰ নাম ‘এণ্টবডি ককটেইল’৷ৰ’চে ইণ্ডিয়া নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰিছে এই ঔষধ৷ এণ্টিবডী ককটেইল  ‘কেছিৰিভিমেব’ আৰু ‘ইনডেভিমেব’  নামৰ দুবিধ ঔষধৰ সংমিশ্ৰণ।এই ঔষধৰ বজাৰ মূল্য  ৫৯,৭৫০টকা। 
ৰ’চে আৰু চিপলাই কোম্পানীয়ে অলপতে প্ৰকাশ কৰা এক  যুটীয়া প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ‘এণ্টিবডী ককটেইল’ এতিয়া ভাৰতত উপলব্ধ। ইতিমধ্যে ইয়াৰ প্ৰথম পালি চিকিৎসকৰ হাতত পৰিছে । দ্বিতীয়টো বেটচ জুনৰ মাজভাগলৈ উপলব্ধ  হ’ব । ভাৰতবর্ষত  সৰ্বমুঠ ১লাখ পেকেট উপলব্ধ হ’ব আৰু ইয়াৰ দ্বাৰা  দেশৰ ২লাখ লোক উপকৃত হ’ব। এটা পেকেটেৰে দুজন ৰোগীক চিকিৎসা কৰিব পাৰি। গোটেই পেকেটটোৰ মূল্য ১ লাখ ১৯ হাজাৰ ৫০০টকা ।এই ঔষধ মৃদু আৰু মধ্যম উপসৰ্গ দেখা দিয়া ক’ভিড আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ  কৰিব পৰা যাব। ১২বছৰৰ উৰ্ধৰ শিশুৰ ক্ষেত্ৰতো  এই ঔষধ প্ৰয়োগ কৰিব পৰা যাব। এই ঔষধ প্ৰয়োগৰ পিছত ৭০শতাংশলৈ মৃত্যুৰ সম্ভাৱনা কমি যায় আৰু লক্ষণ সমূহ চাৰি দিনতে নিৰ্মূল হয় বুলি দাবী কৰিছে বিশেষজ্ঞই। চিপ্লা ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে ভাৰতত ‘এণ্টিবডী ককটেইল’ৰ বিতৰণ আৰু বিপণনৰ দায়িত্ব লৈছে। এই ঔষধ সংৰক্ষণৰ বাবে ২ডিগ্ৰীৰ পৰা ৮ ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰাৰ প্ৰয়োজন হয়৷ এটা পেকেট খোলাৰ পাছত অৱশিষ্ট অংশ ৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়জন ৰোগীক দিব লাগিব। ‘এণ্টিবডী ককটেইল’ৰ এটা পেকেটত ১২০০ মিলিগ্রাম ঔষধ থাকিব আৰু  ইয়াৰে ৬০০ মিলিগ্রাম ‘কেছিৰিভিমেব’ আৰু ৬০০ মিলিগ্রাম’ ‘ইনডেভিমেব’।