সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’লা দিৱস পালন কৰিলে কৃষকে

ক’লা দিৱস পালন কৰিলে কৃষকে

শান্তি-অহিংসাৰ প্ৰতীক হিচাপে বাচি ল’লে আজিৰ দিনটো

নতুন দিল্লী, ২৬ মে’: আজি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতৃত্বত সমগ্ৰ ভাৰততে প্ৰতিবাদী কৃষক সকলে ক’লা দিন পালন কৰিলে৷উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৩খন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত  বিগত ২৬ নৱেম্বৰৰ পৰা কৃষকসকলে প্ৰতিবাদ চলাই আছে আৰু তেওঁলোকৰ প্ৰতিবাদে ৬ মাহ সম্পূৰ্ণ কৰিলে৷কৃষকসকলৰ সৰ্বভাৰতীয় সংগঠন সংযুক্ত কৃষক মৰ্চাই আজি দিল্লী আৰক্ষীৰ অনুমতি অবিহনেই এই প্ৰতিবাদ দিৱস উদযাপন কৰে৷ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে আজি প্ৰতিবাদী কৃষকক সমবেত হোৱাৰ অনুমতি প্ৰদান পৰা নাছিল৷সংযুক্ত কৃষক মৰ্চাই এক বিজ্ঞপ্তিৰ জৰিয়তে দেশৰ সকলো কৃষককে এই প্ৰতিবাদত অংশ ল’বলৈ আহ্বান জনাইছিল আৰু ইয়াৰ পিছতেই স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই সময়ছোৱাত যিকোনোধৰণৰ সমবেত হোৱা ধৰণৰ কাৰ্যসূচীয়েই ক’ভিড সংক্ৰমণৰ উৎস হৈ পৰিব পাৰে বুলি সম্ভাৱনীয়তা ব্যক্ত কৰিছিল৷সংযুক্ত কিষাণ মৰ্চাই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছিল এনেদৰে “কাইলৈ আমি বুদ্ধপূৰ্ণিমাৰ দিনটোত আমাৰ প্ৰতিবাদৰ ৬ মাহ সম্পূৰ্ণ কৰিম৷এই দিনটো যিহেতু শান্তি আৰু অহিংসাৰ প্ৰতীক সেয়ে আমি এই দিনটোতে আমাৰ বিৰোধিতা আৰু প্ৰতিবাদৰ চিন স্বৰূপে এই দিনটো ক’লা দিৱস হিচাপে পালন কৰিম৷”