বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ডুবাইত শিৱৰ চমক

ডুবাইত শিৱৰ চমক

কাইলৈ কুৱেইটৰ প্ৰতিযোগীৰ মুখামুখি হ’ব শিৱ

ডুবাই,২৫ মে’: ডুবাইত চলি থকা আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাই চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত কিৰ্গিস্তানৰ বক্সাৰ ডি পুছিনক ৫-০ ব্যৱধানত ধৰাশায়ী কৰে অসম তথা ভাৰত গৌৰব শিৱ থাপাই। সোমবাৰৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা শিৱ থাপাই পৰৱৰ্তী বুধবাৰৰ কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব কুৱেইটৰ নাদেৰ উডাহৰৰ সৈতে। 
উল্লেখযোগ্য যে প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত  কৰাৰ কথা  আছিল যদিও বৰ্তমান সময়ৰ ক’ভিড পৰিস্থিতিৰ বাবে প্ৰতিযোগিতাৰ স্থান ডুবাইলৈ স্থানান্তৰিত কৰা হয়।প্ৰতিযোগিতাখনত শিৱৰ লগতে অসমৰ অলিম্পিকলৈ নিৰ্বাচিত বক্সাৰ লাভলীনা বৰগোহাঁয়েও অংশগ্ৰহণ কৰিছে। আইবা এছিয়ান বক্সিঙত বুধবাৰৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী হ’লেই শিৱ থাপাই লাভ কৰিব প্ৰতিযোগিতাৰ এটা পদক। উল্লেখ্য যে শিৱ থাপাই দুবাৰকৈ অলিম্পিক গেমছত অংশ লোৱাৰ উপৰি য়ুথ অলিম্পিক গেমছত স্বৰ্ণপদকৰ উপৰি এছিয়ান বক্সিঙতো শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰিছিল।