সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিশিষ্ট কথাশিল্পী লক্ষ্মীনন্দন বৰা অসুস্থ

বিশিষ্ট কথাশিল্পী লক্ষ্মীনন্দন বৰা অসুস্থ

হাওঁফাওঁ সংক্ৰমণত আক্ৰান্ত

গুৱাহাটী, ২৬ মে’: প্ৰথিতযশা কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰা গুৰুতৰভাৱে অসুস্থ৷ ‘গঙা চিলনীৰ পাখি’ , ‘পাতাল ভৈৰবী’, ‘সখা দামোদৰ’ৰ দৰে উপন্যাসৰ তথা অসংখ্য অবিস্মৰণীয় গদ্যৰ স্ৰষ্টা, ‘গৰীয়সী’ৰ সম্পাদক  ড° লক্ষ্মীনন্দন বৰা  ক’ভিডত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন  হৈ আছে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। অসাধাৰণ সৃষ্টিৰে পঢ়ুৱৈৰ অন্তৰ জয় কৰা প্ৰতিভাধৰ এই কথা শিল্পী গৰাকীৰ হাওঁফাওঁলৈ ক’ভিড সংক্ৰমিত হৈছে৷নগাঁও জিলাৰ কুঁজিদাহত জন্ম গ্ৰহণ কৰা বৰাক সুস্থ কৰি তোলাৰ বাবে চিকিৎসকে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷