সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বৃদ্ধি হ’ল সোণৰ দাম

বৃদ্ধি হ’ল সোণৰ দাম

মন্দাৱস্থাৰ মাজতে সোণৰ ব্যৱসায়ীলৈ সুখবৰ

নতুন দিল্লী, ২৪ মে’: দেশত পুনৰ বৃদ্ধি পাইছে  সোণৰ মূল্য৷ আজি ভাৰতীয় বজাৰত বৃদ্ধি পায় সোণ আৰু ৰূপৰ মূল্য। এমচিএক্সত আজি সোণৰ মূল্য ০.২৪ শতাংশ বৃদ্ধি হোৱাৰ লগে লগে বিগত চাৰি মাহৰ তুলনাত উৰ্ধগামী  হয় সোণৰ মূল্য।আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৮,৫১৯ টকা। আনহাতে, ৰূপৰ মূল্যতো ০.৫ শতাংশ বৃ্দ্ধি পোৱাৰ ফলত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৭১,৪৪০ টকালৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে বিগত কেইটামান দিনত সোণৰ মূল্য ০.২২ শতাংশ হ্ৰাস পোৱাৰ লগতে ৰূপ মূল্যও ১.৭ শতাংশ লৈ হ্ৰাস পাইছিল। আন্তৰ্জাতিক বজাৰত ক্ৰিপ্ট কাৰেন্সী হ্ৰাস হোৱাৰ লগে লগেই সোণৰ মূল্যই বিগত ৪ মাহৰ অভিলেখ ভংগ কৰি সৰ্বাধিক স্তৰত উপনীত হয়। ইপিনে আন্তৰ্জাতিক বজাৰতো সোণৰ মূল্য বৃদ্ধি  পাইছে।