বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ২০ বছৰ পিছত আমবাৰীত মুখ্যমন্ত্ৰী

২০ বছৰ পিছত আমবাৰীত মুখ্যমন্ত্ৰী

আৱেগিক পৰিৱেশ অগপৰ কাৰ্যালয়ত

গুৱাহাটী, ২৪ মে’: আজি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ দলটোৰ বিষয়ববীয়া আৰু সদস্যসকলৰে মত বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধান সভাৰ পৰা পোনে পোনে অসম গণ পৰিষদৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী গৰাকীক দলটোৰ নেতৃত্বৰ লগতে বিভিন্ন স্তৰৰ বিষয়ববীয়া আৰু সদস্যসকলে আদৰণি জনায়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, নুৰুল হুছেইন, হিৰণ্য  কোঁৱৰ, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, পোণাকন বৰুৱা,  ড০ তপন দাস, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত আদি উপস্থিত থাকে। সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে মিত্ৰতাৰ ৰাজনীতিৰ বিশ্বাসযোগ্যতাক অধিক দৃঢ় কৰিলে বুলি মতপোষণ কৰে। বৰাই কয় ”  মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ স্বাৰ্থত সকলোধৰণৰ সহায়ৰ বাবে দলটো দায়বদ্ধ।” কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বিশ বছৰৰ পিছত এগৰাকী মুখ্যমন্ত্ৰীয়ে দলৰ কাৰ্যালয়ত উপস্থিত হোৱা কাৰ্যই জাতীয় জীৱনৰ বাবে অৰ্থৱহ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐক্যবদ্ধ ভাৱে ৰাজ্যখনৰ স্বাৰ্থত আত্মনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰে। দলীয় দৃষ্টিকোণ সুকীয়া হলেও অসমৰ স্বাৰ্থত আমি ঐক্যবদ্ধ বুলি মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ় মত পোষণ কৰে। অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু আঁত ধৰে সাধাৰণ সম্পাদক মনোজ শইকীয়াই।আনহাতে,মুখ্যমন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰৰ ইউপিপিএলৰ কাৰ্যলয়লৈও যাব আৰু মিত্ৰজোটৰ সকলো সদস্যৰ লগত সমিলমিলেৰে কাম কৰি যাব বুলি নিজৰ স্থিতি স্পষ্ট কৰে৷Attachments area