বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিড ব্যৱস্থাপনাক সমালোচনা প্ৰিয়ংকাৰ

ক’ভিড ব্যৱস্থাপনাক সমালোচনা প্ৰিয়ংকাৰ

উত্তৰ প্ৰদেশৰ গাঁৱেভূঞে সংক্ৰমণ

নতুন দিল্লী, ২৪ মে’: বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড ব্যৱস্থাপনাক লৈ বিৰোধী দলবোৰে প্ৰায়ে অসন্তুষ্টি ব্যক্ত কৰি আহিছে৷শেহতীয়াকৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ক’ভিড-১৯ মহামাৰীক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ।  এক বিশেষ সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ গাওঁ সমূহত ক্ৰমান্বয়ে বৃদ্ধি  উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ পৰিণাম ভয়াৱহ হ’ব পাৰে । অপৰ্যাপ্ত পৰীক্ষামূলক আন্তঃগাঁথনিৰ অভাৱৰ বাবেই ই অনিয়ন্ত্ৰিতভাবে বৃদ্ধি  হোৱা বুুলি নেত্ৰীগৰাকীয়ে কৰ’নাক নিয়ন্ত্ৰণ কৰিবলৈ টিকাকৰণ নীতিসহ এক সঠিক  পৰিকল্পনাৰ পৰামৰ্শ দিয়ে  ।
গ্ৰামাঞ্চলত ভাইৰাছ সংক্ৰমণৰ পৰিণাম ভয়াৱহ হ’ব। চিকিৎসা ব্যৱস্থাৰ অভাৱ, আনকি হোম আইছ’লেছনৰ বাবে প্ৰাথমিক ঔষধ, অক্সিজেন, চিকিৎসালয়ৰ বিচনা আদিৰ ব্যৱস্থাও উদ্বেগজনক। বহুতে এইটো প্ৰকাশ নকৰে যে তেওঁলোক এই ৰোগত আক্ৰান্ত হৈছে বা হ’ব পাৰে। ইয়াৰ উপৰিও, পৰীক্ষা সহজে উপলব্ধ নহয়। বৃহৎ সংখ্যক লোক মৃত্যুমুখত পৰিছে আৰু মৃত্যুৰ ঘটনাবোৰ ক’ভিড সম্পৰ্কীয় হয় নে সেই বিষয়টোও  স্পষ্ট  নহয় বুলিও মত ব্যক্ত কৰে তেওঁ৷