শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কপাল ভাল আছিল ৰূপজ্যোতিৰ

কপাল ভাল আছিল ৰূপজ্যোতিৰ

নগাৰ গুলীৰ পৰা কোনোমতেহে বাচিল

যোৰহাট, ২৭ মে’: আজি মৰিয়নীৰ দিচৈ ভেলী বনাঞ্চলত নগা দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ৷নগাই অবৈধ ভাৱে দখল কৰা উক্ত বনাঞ্চললৈ আজি দিনৰ ভাগত গৈছিল বিধায়কগৰাকী৷ মৰিয়নীৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কগৰাকী। এই ভ্ৰমণত বন বিভাগ আৰু সাংবাদিকৰ এটা দলে তেওঁক সহযোগ কৰিছিল।উক্ত সময়তে  হাতে হাতে বন্দুক লৈ ওলাই আহে অবৈধভাবে উক্ত অঞ্চল দখল কৰি থকা নগা লোকসকল। অঞ্চলটোত এতিয়াও অব্যাহত আছে চাঞ্চল্য তথা চেপা উত্তেজনা৷উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৰ নিউ সোণোৱাল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত তথা নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকী  আৰু খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকীৰ মাজৰ নামনি বনগাঁও আৰু ভৱানীপুৰ গাঁৱৰ গাতে লাগি থকা দিচৈ ভেলী বনাঞ্চলত নগাই কেইবা হেক্টৰ বনভূমি ধ্বংস কৰি এখন নতুন গাঁও স্থাপন কৰিছিল। সেই বেদখলীকৃত অঞ্চল  পৰিদৰ্শন কৰিবলৈ যাওঁতেই বিধায়ক কুৰ্মীক  নগাই গুলীচালনা কৰে ।“গাওঁখনৰ সকলো লোকৰ হাততে মৰণাস্ত্ৰ আছে৷অসমৰ মাটিতে আজি আমাক নগাই খেদিছে৷মই নিজে চাবলৈ গৈছিলোঁ৷প্ৰায় ১৫/২০ জাঁই গুলী মাৰিছে নগাই৷তেওঁলোকৰ হাতত ৰকেট লাঞ্চাৰো আছিল৷এতিয়ালৈকে ২/৩কিঃমিটাৰ অসমৰ মাটি নগাই দখল কৰিছে”-এনেদৰে কয় বিধাযক কুৰ্মীয়ে৷ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ঘটনাৰ তদন্ত কৰিবলৈ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক নিৰ্দেশ দিছে৷