শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰকাণ্ড বিল্ডিং,নাই মাথো চিকিৎসা সেৱা

প্ৰকাণ্ড বিল্ডিং,নাই মাথো চিকিৎসা সেৱা

আৰম্ভণিয়ে কৰা নাই চিকিৎসা সেৱাৰ ডিপ্লিঙত

চৰাইদেউ, ২৭ মে’: দেশত ক’ভিড সৃষ্ট পৰিৱেশ বিৰাজ কৰাৰ সময়ত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছতো এটা স্বাস্থ্য কেন্দ্ৰ মুকলি নোহোৱাত অসন্তুষ্ট জনতা। মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিপ্লিং চাহ বাগিচাত নিৰ্মাণ কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজিলৈকে মুকলি নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে। উল্লেখ্য যে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকতিবাৰী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক সামৰি এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আহ্বান জনাই আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মাহমৰাৰ ডিপ্লিং চাহ বাগিচাত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে। সেই অনুসৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ উপস্থিতিত ২০১৯ বৰ্ষৰ ৬ অক্টোবৰত আধাৰশিলা স্থাপন কৰিছিল । ইতিমধ্যে এক কোটিৰোধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ডিপ্লিং চাহ বাগিচা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ। কিন্তু দুৰ্ভাগ্যজনকভাৱে নিৰ্বাচনৰ আগতেই ৰাইজৰ বাবে মুকলি কৰি দিব বুলি ঘোষণা কৰাৰ পাছতো আজিলৈকে মুকলি কৰি দিয়া নহ’ল নিৰ্মাণ সম্পূৰ্ণ হোৱা চিকিৎসা কেন্দ্ৰটো। উল্লেখ্য যে অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাত এখন চিকিৎসালয় আছে যদিও তাত নাই কোনো চিকিৎসক  যাৰ ফলত বাগিচাখনৰ শ্ৰমিকসকলে কোনো লোক অসুস্থ হৈ পৰিলে সাধাৰণ চিকিৎসাৰ বাবেও সোণাৰি নাইবা ডিব্ৰুগড়লৈ যাব লগীয়া হয়। ইয়াৰ পৰিপ্ৰেক্ষিততেই স্থানীয় ৰাইজৰ সহায় হোৱাকৈ এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ দাবী উত্থাপন কৰি অহাৰ পাছত শেহতীয়াকৈ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে মুকলি নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে। আনহাতে ,শেহতীয়াকৈ বাগিচাখনৰ এগৰাকী শ্ৰমিক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছতে এতিয়া অতি শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি দিয়াৰ লগতে চিকিৎসক-স্বাস্থ্য কৰ্মী নিয়োগ কৰা উপৰিও চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে শ্ৰমিক সকলে।