বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিশেষ অধিবেশন বিচাৰিলে অখিলে

বিশেষ অধিবেশন বিচাৰিলে অখিলে

ঐতিহ্য নগৰী হিচাপে স্বীকৃতি দিয়ক শিৱসাগৰক

গুৱাহাটী, ২৭মে’: শিৱসাগৰ সমষ্টিৰ পৰা নতুনকৈ নিৰ্বাচিত হোৱা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মুঠ চাৰিটা বিষয়ক কেন্দ্ৰ কৰি বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী তুলিছে৷কৰ’নাৰ সংক্ৰমণ, বৃহৎ নদীবান্ধ, নিবনুৱাৰ কৰ্মসংস্থাপন আৰু সৰ্বশ্ৰেষ্ঠ অসম গঢ়া- এই চাৰি বিষয়ক লৈ অনতিপলমে অনুষ্ঠিত হওক অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ এই দাবী শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈৰ৷  উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ এক গোচৰৰ বাবে ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা কাৰাগাৰতে আছে অখিল গগৈ৷সেয়ে প্ৰথম দিনাৰ অধিৱেশনত তেওঁ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিলে যদিওআইনী মেৰপেঁচৰ বাবে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা বিতৰ্কত  অংশ ল’ব নোৱাৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ সেয়ে নৱনিৰ্বাচিত বিধায়ক অখিল গগৈয়ে এক পত্ৰ প্ৰেৰণ কৰিছে সংবাদ মাধ্যমলৈ৷আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক গৰাকীৰ পত্ৰৰ সবিশেষ ৰাজহুৱা কৰে দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই৷উক্ত পত্ৰতৰাজ্যপালৰ ভাষণক সমালোচনা কৰি গগৈৰ দাবী, বিজেপিৰ মিছন আছে  কিন্তু ভিজন নাই৷ বান মুক্ত অসম গঢ়াৰ সংকল্প লোৱা বিজেপিয়ে এই বিষয়টোক লৈ বিস্তৃত আলোচনা কৰাটো প্ৰয়োজন৷ ইপিনে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ ৰোধত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি দাবী কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে৷ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা শূণ্য বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় ” ৰাজ্যত  ভেকচিন নাই তথা পৰ্যাপ্ত আন্তঃগাঁথনিৰো অভাৱ৷সেয়ে চৰকাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে৷”
আনহাতে, অখিল গগৈয়ে ঐতিহ্যমণ্ডিত শিৱসাগৰক অসম চৰকাৰে ‘ঐতিহ্য নগৰী’ আৰু ‘পৰ্যটন নগৰ’ ৰূপে ঘোষণা কৰাৰো আহ্বান জনায়৷