শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / উত্তৰ পূবৰ খাদ্য জগত সভাত

উত্তৰ পূবৰ খাদ্য জগত সভাত

সোণাৰিৰ হৰপলৰ প্ৰয়াস

চৰাইদেউ, ২৯ মে’: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰক বিশ্ব দৰবাৰত জনপ্ৰিয় কৰোৱাৰ লক্ষ্যৰে আগবাঢ়িছে চৰাইদেউ জিলাৰ সোণাৰিৰ এজন যুৱক৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰন্ধন প্ৰতিযোগিতাত অৰ্থাৎ এটা ৰিয়েলিটী শ্ব’ৰ খিতাপ দখল কৰিছে সোণাৰিৰ এই যুৱক জনে৷ সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা হৰপল সিঙে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘চেফ ভাৰছেচ ফ্ৰীজ ‘ শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ত জয়ী হৈ নিজে জনপ্ৰিয় হোৱাৰ লগতে অসমৰ নাম উজ্জ্বলাই তুলিছে৷ দেশৰ আগশাৰীৰ টিভি চেনেল জী৫ (ZEE5, Zee Cafe) আদিত সম্প্ৰচাৰ হৈছিল এই প্ৰতিযোগিতা৷  চৰাইদেউ জিলাৰ সোণাৰিত জন্মগ্ৰহণ কৰা হৰপাল সিঙে অতি কম বয়সৰ পৰাই ৰেচিপি প্ৰস্তুত কৰি ভাল পাইছিল আৰু সেই কাৰণেই তেওঁ ইয়াক পেছা হিচাপে গ্ৰহণ কৰিছে৷ খাদ্য ৰন্ধন বিভাগত গোৱাৰ অন আইএইচএমচিটিৰ (ANN ihmct,Goa) পৰা স্নাতক ডিগ্ৰী লাভ কৰি যুৱক জনে ভাৰতৰ বিভিন্ন স্থানৰ লগতে বিদেশতো ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে ৷