সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এইবাৰ আইপিএল হ’ব!

এইবাৰ আইপিএল হ’ব!

ভাৰতত আইপিএল নহয় হ’ব মৰুৰ দেশত

মুম্বাই, ২৯ মে’: বৰ্ড অফ  কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া চমুকৈ বিচিচিআয়ে শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১চনৰ খেল সমূহ অনুষ্ঠিত কৰাৰ সিন্ধান্ত লৈছে৷আজি মুম্বাইত অনুষ্ঠিত বিচিচিআইৰ সাধাৰণ সভাত এই সিন্ধান্ত গ্ৰহণ কৰা হৈছে৷অৱশ্যে ভাৰতত মৌচুমী বায়ুৰ প্ৰভাৱৰ বাবে বাৰিষা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত এই খেল সমূহ সংযুক্ত আৰৱ আমিৰশ্বাহীত অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে সংস্থাটোৱে৷ভিভ’ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই খেল সমূহ চলিত বৰ্ষৰ ছেপ্তেম্বৰ অক্টোবৰ মাহত আমীৰশ্বাহীত অনুষ্ঠিত হ’ব৷

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ছেপ্তেম্বৰ অক্টোবৰ মাহত অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰখা অন্যান্য খেল সমূহো পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰাৰ সিন্ধান্ত লৈছে বুলি জনাই বিচিচিআইৰ সভাপতি জয় শ্বাহে৷