দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’ভিডত মৃত্যু,পৰিয়ালে পাব সাহাৰ্য

ক’ভিডত মৃত্যু,পৰিয়ালে পাব সাহাৰ্য

৫০ হাজাৰ টকাৰ সাহাৰ্য দিব মেঘালয়ে

গুৱাহাটী, ২৮ মে’: ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ পৰিয়াল অথবা নিকট আত্মীয়ক ৫০ হাজাৰ টকা এককালীন সাহাৰ্য আগবঢ়াব মেঘালয় চৰকাৰে৷আজি ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে এক সংবাদমেলত এই কথা  সদৰী কৰে৷এই সিদ্ধান্ত চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ’ব। উল্লেখযোগ্য যে ৰাজ্যখনত ১ এপ্ৰিলৰ পৰা আজিলৈ ক’ভিড-১৯ৰ ফলত প্ৰায় ৩৭০ জন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি হিতাধিকাৰীসকলৰ বাবে মেঘা স্বাস্থ্য বীমা আঁচনিৰ  ধন ৬০,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।এই আঁচনিৰ জৰিয়তে নিজৰ নিজৰ নাম  পঞ্জীয়ন কৰিবলৈ যোগ্য সকলো ব্যক্তিকে তেওঁ আহ্বান জনায়।গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব  উন্নয়ন মন্ত্ৰালয়ৰ অধীনত মেঘালয়ত ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণ তথা চিকিৎসাৰ বাবে ৬.৭ কোটি টকা মঞ্জুৰ কৰিছে ৷