মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৰ’নাৰ কবলত বিটিএডিৰ বিধায়ক

কৰ’নাৰ কবলত বিটিএডিৰ বিধায়ক

এটা সপ্তাহতে কৰ’নাই প্ৰাণ ল’লে দুজনৰ

গুৱাহাটী, ২৯ মে’: কৰ’নাৰ কৰাল গ্ৰাসে কোনো দিনেই উভতি নহাৰ বাটেৰে লৈ গ’ল তামুলপুৰৰ বিধায়ক লেহুৰাম বড়োক৷লেহুৰাম বড়ো কৰ’নাত আক্ৰান্ত হৈছিল আৰু তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে কালি ভৰ্তি কৰা হৈছিল৷কিন্তু চিকিৎসাধীন অৱস্থাতে নিশাৰ ভাগলৈ বড়োৰ অৱস্থা সংকটজনক হৈ পৰে৷মগজুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত বড়োক বচাবলৈ আপ্ৰাণ চেষ্টা কৰাৰ পিছতো চিকিৎসক সকল সফল নহ’ল৷উল্লেখযোগ্য যে লেহুৰাম বড়োৱে এইবাৰ প্ৰথম বাৰৰ বাবে ইউপিপিএল দলৰ পৰা প্ৰতিন্দন্দ্বিতা কৰি তামুলপুৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল৷বিগত ১৯ মে’ত তেওঁ বিধায়ক হিচাপে শপত গ্ৰহণো কৰিছিল৷এগৰাকী সমাজকৰ্মী হিচাপে অত্যন্ত জনপ্ৰিয় আছিল বড়ো৷প্ৰথম অৱস্থাত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা বড়োৱে পিছলৈ খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷মৃত্যুৰ সময়ত বড়োৱে তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ লগতে অলেখ গুণমুগ্ধক এৰি থৈ যায়৷তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে আজিৰ পৰা চাৰি দিন আগতে গোসাঁইগাওঁ সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়েও ক’ভিডত প্ৰাণ হেৰুৱাইছিল৷একেৰাহে চাৰি বাৰকৈ গোসাঁইগাওঁ সমষ্টিক প্ৰতিনিধিত্ব কৰা নাৰ্জাৰী আছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বিধায়ক৷শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ বিগত বিধানসভাত আনকি শপতগ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব পৰা নাছিল৷অসমৰ দুগৰাকী বিধায়কে এতিয়ালৈকে ক’ভিডত প্ৰাণ হেৰুৱাইছে৷আনহাতে কংগ্ৰেছ সাংসদ ৰিপুণ বৰা,সাংসদ ভুৱনেশ্বৰ কলিতাও ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷