সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ড্ৰাগছৰ ক্ষেত্ৰত শূণ্য সহনশীলতা

ড্ৰাগছৰ ক্ষেত্ৰত শূণ্য সহনশীলতা

শিৱসাগৰত পূৰ্ণ গতিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান

শিৱসাগৰ, ২৯ মে’: ৰাজ্যৰ আৰক্ষী প্ৰশাসনে বিভিন্ন প্ৰান্তত বিগত কেইটামান দিনত অভিযান চলাই যথেষ্ট পৰিমাণৰ ড্ৰাগছ,ভাং জাতীয় নিচাযুক্ত দ্ৰব্য জব্দ কৰা লগতে এইসমূহ সেৱন আৰু সৰবৰাহত জড়িত বহু কেইজন লোকক আটক কৰিবলৈ সক্ষম হৈছে। ইয়াৰ অংশ স্বৰূপে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে শিৱসাগৰত অভিযান চলাই নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আজিৰ দিনটোত। উল্লেখ্য যে,  ড্ৰাগছ,অবৈধ মদ,গাঞ্জা আদিক লৈ শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসনে।ইতিমধ্যে এই সমূহ নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহত কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী। বিশেষকৈ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিনৰ পৰা আৰক্ষীয়ে অভিযান চলাই আজি পুৱা ৫৮ টা চিচিত প্ৰায় ১৫০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিছে।ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত ৬৬৭/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি এনডিপিএছ আইনৰ ধাৰা ২২/২৯ৰ অধীনত ঘটনাৰ তদন্ত কৰি আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে।উল্লেখযোগ্য যে বিগত দিনত শিৱসাগৰ আৰক্ষীয়ে চোৰাং আৰু অবৈধ মদ,গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বহু নিচাযুক্ত সামগ্ৰীৰ লগতে সৰবৰাহ কৰা ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। ইফালে আজি জয়সাগৰ আৰক্ষীয়ে বহু শ লিটাৰ অবৈধ মদ জব্দ কৰিবলৈ সক্ষম হয়।শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে এনে সমূহ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অতি কঠোৰ হ’ব বুলি ঘোষণা কৰি এনে সমূহ অপৰাধ দূৰ কৰাৰ বাবে ৰাইজৰ সহযোগিতা আগবঢ়াবলৈ আহবান জনাইছে।