দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাৱঁৰ ‘সন্ত্ৰাস’ কৰায়ত্ত

নগাৱঁৰ ‘সন্ত্ৰাস’ কৰায়ত্ত

নগাৱঁত দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত

নগাঁও, ২৭ মে’: নগাঁৱত অব্যাহত আছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান।নগাঁও চহৰৰ সমীপৰ ছোট ৰূপহীত আজি সন্ধ্যা আৰক্ষীৰ গুলীত এটা  দুৰ্ধৰ্ষ ডকাইত তথা ড্ৰাগছ মাফিয়া আহত হয়।আহত ড্ৰাগছ মাফিয়াটোৰ নাম মনচুৰ আলি। জানিব পৰা মতে, নগাঁও জিলাৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শ‌ইকীয়াৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ মাফিয়া তথা দুধৰ্ষ ডকাইত মনছুৰ আলীৰ ছোট ৰূপহীৰ বাসভৱনত অভিযান চলাবলৈ যাওঁতে আৰক্ষীৰ দলটোক তেওঁৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰা দেখি ডকাইত আলীয়ে নিজৰ অবৈধ মৰণাস্ত্ৰৰে আৰক্ষীৰ দলটোলৈ গুলীয়াবলৈ উদ্যত হোৱাৰ লগতে পলাবলৈ চেষ্টা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে। পিছত আৰক্ষীয়ে আলীক দৌৰাই দৌৰাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আৰক্ষীৰ গুলীচালনাৰ ঘটনাত ডকাইত আলী  আহত  হয়। তেওঁক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে, আৰক্ষীয়ে চলোৱা অভিযান কালত ডকাইতটোৰ পৰা এটা নাইন এম এম পিষ্টল, ছয় জাই সজীৱ গুলীৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মনছুৰ আলী দীৰ্ঘদিন ধৰি চুৰি-ডকাইতৰ সমান্তৰাল ভাবে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিল। সমগ্ৰ ছোটৰূপহীত তেওঁ দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ তেওঁ অঞ্চলটোত বিভিন্ন অসামাজিক কাম-কাজৰ এক সাম্ৰাজ্য চলাই গৈছিল।আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত আজি  দুৰ্ধষ ড্ৰাগছ মাফিয়া মনচুৰ আলীক কৰায়ত্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।