বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ফ্লিপকাৰ্ট অসমীয়াত!

ফ্লিপকাৰ্ট অসমীয়াত!

গাঁৱেভূঞে জনপ্ৰিয় কৰাৰ প্ৰয়াস

গুৱাহাটী, ২৯ মে’: অনলাইন মাৰ্কেটিঙৰ অবিসম্বাদী তথা জনপ্ৰিয়  শ্বপিং চাইট ফ্লিপকাৰ্টে ইয়াৰ সেৱা সমূহ অসমীয়া ভাষাতো উপলব্ধ কৰাব৷উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এক টুইটাৰ বাৰ্তাত এই বিষয়টো ৰাজহুৱা কৰে৷ফ্লিপকাৰ্টৰ এই সিন্ধান্তই এই অনলাইন শ্বপিং চাইটটোক গাঁৱেভূঞে জনপ্ৰিয় কৰাত সহায় কৰিব৷  অসমৰ সকলো গ্ৰাহকেই নিজৰ ভাষাতে এই সেৱা সমূহ লাভ কৰিব৷চাইটত উপলব্ধ সকলো সামগ্ৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য নিজৰ ভাষাতে লাভ কৰাৰ ফলত গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমূহ আঁতৰ হোৱাৰ লগতে ৰিটাৰ্ণ পলিচিকে ধৰি অন্যান্য পলিচি সমূহ জানিব পাৰিব নিজৰ ভাষাতেই৷