সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিধ্বস্ত স্থান চালে মোডীয়ে

বিধ্বস্ত স্থান চালে মোডীয়ে

এহাজাৰ কোটিৰ সাহাৰ্য আগবঢ়ালে বংগ -উৰিষ্যালৈ

নতুন দিল্লী, ২৮ মে’: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘূৰ্ণী বতাহ যশে ক্ষতিগ্ৰস্ত কৰা পশ্চিমবংগ আৰু উৰিষ্যাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে৷বিগত বুধবাৰে যশে দুয়োখন ৰাজ্যতে কালৰূপ ধাৰণ কৰিছিল আৰু দুয়োখন উপকূলীয় ৰাজ্য যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হৈছিল৷আজি উক্ত ক্ষতিগ্ৰস্ত অঞ্চল বিমানেৰে পৰিদৰ্শন কৰাৰ পিছত  প্ৰধানমন্ত্ৰী গৰাকীয়ে দুয়োখন ৰাজ্যৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ সাহাৰ্যৰ বাবে মুঠ ১০০০ কোটি টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে৷
  ইয়াৰে ৫০০ কোটি ওড়িশা আৰু ৫০০ কোটি পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ বাবে আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে ভুবনেশ্বৰত এক  বৈঠকতো অংশগ্ৰহণ কৰে।এই বৈঠকতে  উদ্ধাৰ অভিযানৰ  সকলো প্ৰয়াসৰ বিষয়ে বুজ লয়।
তদুপৰি এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখকৈ আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে৷