বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘কচাইখানা’ নে বিদ্যালয়!

‘কচাইখানা’ নে বিদ্যালয়!

শতাধিক নৰকংকাল উদ্ধাৰ কানাডাৰ বিদ্যালয়ত

অটোৱা, ৩০ মে’: বৃটিছ কলম্বিয়াৰ এখন আৱাসিক বিদ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছে কেইবা শ নৰকংকাল৷এই নৰকংকালবোৰৰ বেছিভাগেই শিশুৰ৷এতিয়ালৈকে ২১৫ টি শিশুৰ নৰকংকাল উদ্ধাৰ হৈছে বিদ্যালয় প্ৰাংগনত৷ কানাডাৰ  সকলোতকৈ ডাঙৰ তথা পুৰণি আৱাসিক বিদ্যালয়ৰূপে জনাজাত এখন বিদ্যালয়ত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। কেমলুপচ ইণ্ডিয়ান ৰেছিডেন্সিয়েল বিদ্যালয়ত সংঘটিত হৈছে এই গাৰ নোম শিঁয়ৰি উঠা ঘটনা। এগৰাকী বিষয়াই জনৱো মতে ভূগৰ্ভ ভেদী ৰাডাৰ ব্যৱস্থাৰ জৰিয়তে যোৱা সপ্তাহত বিদ্যলয় চৌহদৰ বিভিন্ন স্থানৰ পৰা পুতি থোৱা শৱদেহবোৰ উদ্ধাৰ কৰা হৈছে। তেওঁৰ আশংকা আৰু অধিক শৱদেহ পোৱাৰ সন্দেহ আছে৷বিষয়াগৰাকীয়ে এক বিজ্ঞপ্তিত কয় “ এইয়া অভাৱনীয় ক্ষতি কিন্তু ইয়াৰ কোনো তথ্য নাই৷”উল্লেখযোগ্য যে ১৯ শতিকাৰ পৰা ১৯৭০ চনলৈকে এই বিদ্যালয়খন ৰাষ্ট্ৰৰ সাহায্যত খ্ৰীষ্টান বিদ্যালয় হিচাপে চলোৱা হৈছিল৷তালৈ পঢ়িবলৈ অহা ছাত্ৰছাত্ৰীক নিজৰ স্থানীয় ভাষা ব্যৱহাৰ কৰি কথা পাতিলে কঠোৰ তথা অমানৱীয় শাস্তি প্ৰদান কৰা হৈছিল৷তেতিয়াই প্ৰায় ৬ হাজাৰ শিশুৱে প্ৰাণ হেৰুৱাইছিল৷২০০৮ চনত আনকি কানাডা চৰকাৰে এই অভিযোগৰ সত্যতা স্বীকাৰ কৰি ক্ষমাও খুজিছিল৷১৯১৫ ৰ পৰা ১৯৬৩ চনৰ ভিতৰত ৫১ টা শিশুৰ অত্যাচাৰত মৃত্যু হৈছিল বুলি এক তথ্যও প্ৰকাশ পাইছিল৷আনহাতে,ট্ৰুথ এণ্ড ৰিকনচিলেশ্বন কমিশ্যনে উক্ত বিদ্যালয়ত মুঠ ৩,২০০ শিশুৱে শাস্তি আৰু অত্যাচাৰত প্ৰাণ হেৰুওৱাৰ তথ্যও প্ৰকাশ কৰিছিল৷