মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ডুবাইত ৰূপৰ পদক পালে মেৰীকমে

ডুবাইত ৰূপৰ পদক পালে মেৰীকমে

কাইলৈ শাৱ থাপা নামিব ফাইনেলত

নতুন দিল্লী,৩০ মে’: এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদকতে ক্ষান্ত থাকিল মেৰী কম।৫১ কেজি শাখাৰ  আজি অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাত  মেৰীকমে ৰূপৰ পদক লাভ কৰে।মেৰীকমে কাজাখাস্তানৰ নিজিম কাইজাইবাইৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয়।ডুবাইৰ আইবা এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপৰ ৫১ কেজি শাখাত মেৰী কমে ৰূপৰ পদক লাভ কৰি পুনৰবাৰ উজলালে দেশ তথা উত্তৰ পূৱৰ নাম।ইয়াৰ আগতে তেওঁ অত্যন্ত উন্নত প্ৰদৰ্শনেৰে দৰ্শকৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল৷
উল্লেখ্য, সোমবাৰে ৬১ কেজি শাখাত ফাইনেলত সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰে আন এগৰাকী প্ৰতিভাৱান সন্তান শিৱ থাপাই।