বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মনৰ কথা ক’লে মোডীয়ে

মনৰ কথা ক’লে মোডীয়ে

সংকট কাল আঁতৰিব বুলি ক’লে মোডীয়ে

নতুন দিল্লী, ৩০ মে’: সমগ্ৰ দেশে এতিয়া যুঁজ দিছে কৰ’না ভাইৰাছৰ বিৰুদ্ধে। ভাইৰাছৰ লগতে আমাক জুমুৰি দি ধৰিছে প্ৰাকৃতিক দুৰ্যোগে। দুয়োখন যুদ্ধই একেলগে চলাবগীয়া হৈছে। দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত  অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এনেদৰে সম্বোধন কৰে দেশবাসীক। এই অনুষ্ঠানত দেশৰ চিকিৎসক , নাৰ্ছ আৰু ফ্ৰণ্ট লাইন ৱকাৰ্ছক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 
আজিৰ ৭৭তম ‘মন কি বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে  পাইলট আৰু অক্সিজেন কণ্টেইনাৰ চালকৰ সৈতেও বাৰ্তালাপ কৰে। আজি প্ৰধানমন্ত্ৰী হিচাপে ৭টা বছৰ অতিক্ৰম কৰিলে নৰেন্দ্ৰ মোডীয়ে। তেওঁ কয় যে, দেশৰ এই সংকট কালত সাধাৰণ মানুহৰ ধৈৰ্যৰ পৰীক্ষা চলিছে। শীঘ্ৰে এই বেয়া সময়বোৰ আঁতৰিব বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।