বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’ভিড ৰোগীও সাৰি নগ’ল

ক’ভিড ৰোগীও সাৰি নগ’ল

পলাতক ধৰ্ষণকাৰী আটক

চৰাইদেউ, ৩১ মে’: চৰাইদেউ জিলাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা গৃহ অভিমুখে খোজ কাঢ়ি গৈ  থকাৰ পথত দুই লম্পটৰ হাতত দুগৰাকী আদিবাসী মাতৃ-কন্যাৰ শ্লীলতা হানি হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছত আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছিল দোষীক বিচাৰি। ৰাইজৰ তীব্ৰ হেঁচাত অভিযুক্ত লম্পট কেইটাক আটক কৰিবলৈ দিন ৰাতি একাকাৰ কৰিছিল চৰাইদেউ আৰক্ষী প্ৰশাসনে।
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক  সুধাকৰ সিঙে জনাই যে  বিশেষকৈ বৰহাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপুমণি চৌধুৰীৰ নেতৃত্বত লম্পট দুটাক বিচাৰি চলিছিল অহৰহ অভিযান ৷ ঘটনা সংঘটিত হোৱাৰ তিনি দিনৰ মূৰত আজি  বৰহাট চাহ বাগিছা পৰা ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুই লম্পটক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। আটকাধীন দুই ব্যক্তিৰ নাম ৰাহুল চত্ৰিয়া, বিদু তাঁতী বুলি জানিবলৈ দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।
উল্লেখ্য কিছুদিন পূৰ্বে চৰাইদেউ জিলাৰ নাগাহাট অঞ্চলৰ এটা পৰিয়ালৰ একাধিক লোক ক’ভিডত আক্ৰান্ত হৈছিল। তাৰ পাছতেই পৰিয়ালৰ সদস্য-সদস্যাসকলক  সাপেখাতী মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল চিকিৎসাৰ বাবে।
চিকিৎসাৰ অন্তত ক’ভিড নিগেটিভ পোৱাত পৰিয়ালটোৰ মহিলাগৰাকীৰ সৈতে তেওঁৰ কন্যাক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। কিন্তু ঘৰলৈ যাবলৈ চিকিৎসালয়ৰ ফালৰ পৰা বাহন যোগান নধৰাত নিশাই ২৫ কিলোমিটাৰ দূৰত্বত থকা ঘৰলৈ কন্যাসহ খোজকাঢ়ি উভতিছিল মহিলাগৰাকী।
অভিযোগ অনুসৰি চিকিৎসালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত থকা ঘৰলৈ যাবলৈ মহিলাগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেন্স এখন যোগাৰ কৰি দিবলৈ কৈছিল যদিও চিকিৎসালয় কৰ্তপক্ষই এম্বুলেন্স যোগাৰ কৰি দিব নোৱাৰে বুলি কোৱাত মহিলাগৰাকীয়ে কন্যাৰ সৈতে খোজকাঢ়িয়েই ঘৰমুৱা হওঁতে বাটতে পোৱা এখন চাহ বাগিচাৰ মাজত মহিলাগৰাকীক দুটা পাষণ্ডই বলপূৰ্বক পথৰ পৰা উঠাই নিছিল। আনহাতে, নিজক বচাবলৈ মহিলাগৰাকীৰ কন্যাই কোনোমতে সেই ঠাইৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল। এই বিষয়ে স্থানীয় গাওঁ ৰক্ষী বাহিনীক অৱগত কৰাত গাওঁ ৰক্ষী বাহিনীৰ সদস্যই পিছদিনা পূৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলা গৰাকীক। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰে আৰু আজি দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।Attachments area