শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কিমান আৰু ধৰিব…

কিমান আৰু ধৰিব…

ডকাইত,ড্ৰাগছ বেপাৰীৰ ৰম্যপুৰী নগাঁও

নগাঁও, ৩১ মে’: নগাঁও আৰক্ষীয়ে ড্ৰাগছ আৰু অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। কালি নিশা নগাঁও আৰক্ষীয়ে জুৰীয়াত এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে।নগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ লগতে অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ মাজতে কালি নিশাও জুৰীয়াত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘটিত এক গুলীয়াগুলীৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জুৰীয়াত কালি নিশা সংঘটিত ঘটনাই  সমগ্ৰ নগাঁও জিলাক জোকাৰি গৈছে। জানিব পৰা মতে, নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ কদমনি পথাৰৰ বেপাৰী বস্তিৰ কুখ্যাত ডকাইত জয়তুল কবীৰৰ ঘৰত অভিযান চলাবলৈ গৈ উপস্থিত হ‌ওঁতেই ডকাইতটোৱে আৰক্ষীৰ উমান পাই আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা কৰি পলাবলৈ চেষ্টা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে ডকাইত জয়তুল কবীৰলৈ গুলিওৱাৰ ফলত তেওঁৰ ভৰিত গুলী লাগে আৰু তেওঁক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত ডকাইতটোৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল আৰু ৪ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। ঘটনাস্থলীত নিশাই নগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ গৈ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দীৰ্ঘদিন ধৰি জুৰীয়া অঞ্চলত যিমান অপৰাধজনিত ঘটনা সংঘটিত হৈছিল প্ৰায় সকলো কেইটা ঘটনাতে ডকাইত জয়তুল জড়িত বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে। উল্লেখ্য,কুখ্যাত ডকাইত কবীীৰৰ বিৰুদ্ধে আৰক্ষী থানাত ১২টাকৈ হত্যাৰ অভিযোগ আছে। কুখ্যাত ডকাইত জয়তুল কবিৰৰ ঘৰ জুৰীয়াৰ কদমনি গাঁৱৰ বেপাৰী বস্তিত। ইয়াৰ পৰাই তেওঁৰ নেতৃত্বত এটা বৃহৎ অপৰাধী চক্ৰ‌ই জুৰীয়াৰ লগতে জিলাখনৰ উত্তৰ-পশ্চিম এলেকাত বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে। তেওঁ ড্ৰাগছকে ধৰি বহু চিলনী চুৰি আৰু ডকাইতিৰ ঘটনাৰ লগত জড়িত। ইপিনে, কালি নিশাই গুলীবিদ্ধ হৈ আহত কবীৰক জুৰীয়াত প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দিয়াৰ   পিছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয়। আনহাতে, এই ঘটনাৰ কিছু সময়ৰ পূৰ্বে  নিশা প্ৰায় ৯  মান বজাত জুৰীয়া আৰক্ষীয়ে এক অভিযান চলাই  থানা খনৰ অধীনৰ জামুগুৰি গাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ হবিবুৰ ৰহমান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি ধৃত হবিবুৰ ৰহমানে নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছিল। জুৰীয়া আৰক্ষী  থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া আৰু  দগাওঁ আৰক্ষী পহৰা চকীৰ সহ উপ-পৰিদৰ্শক ফজৰ আলীৰ নেতৃত্বত চলা এই  অভিযানত জামুগুৰি গাঁৱৰ হবিবুৰ ৰহমানৰ গৃহৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ, খালী কণ্টেইনাৰ লগতে এ এছ ০২-ডি-৭৩৬৫ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়।