সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / গছে গছে ফুলৰ মেলা পতাৰ মন …

গছে গছে ফুলৰ মেলা পতাৰ মন …

চলাক সেউজ কৰাৰ অংগীকাৰ

চৰাইদেউ, ৩১ মে’: ক’ভিড সৃষ্ট জটিল পৰিস্থিতিয়ে মানৱ জাতিক সন্ত্ৰস্ত আৰু আতংকিত কৰি তোলা সময়তে বিনষ্ট প্ৰাকৃতিক পৰিবেশত এক সুস্থিৰ পৰিবেশ সৃষ্টিৰ লক্ষ্য স্থিৰ কৰি জৈৱ বৈচিত্র সুৰক্ষাৰ বাবে সেউজীয়া পৰিবেশ এটা সৃষ্টি কৰিব বিচৰা ইতিবাচক পদক্ষেপ এটা পোহৰলৈ আহিছে চৰাইদেউ জিলাত। জিলাখনৰ অন্যতম প্ৰধান বনাঞ্চল চলা গ্ৰাম্য অভয়াৰণ্যত চলা ভিলেজ চেঞ্চুৰী কনজাৰভেশ্যন চ’ছাইটিৰ বনাঞ্চলখনত ২০২১ বৰ্ষৰ বনানীকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে । আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১০৬ নং সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক তথা চ’ছাইটিখনৰ উপদেষ্টা ধৰ্মেশ্বৰ কোঁৱৰে। উল্লেখযোগ্য যে চ’ছাইটিখনে চলা সংৰক্ষিত  বনাঞ্চলক চলা গ্ৰাম্য অভয়াৰণ্যৰূপে নামাকৰণ কৰি ইয়াৰ মুকলি ঠাইত বিগত ৫ বছৰ ধৰি ৰাজহুৱা ভাৱে একেৰাহে বনানীকৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু সম্পূৰ্ণ নিজা খৰচত ইয়াৰ চোৱাচিতাও কৰি আহিছে । প্ৰতিবছৰে চ’ছাইটিখনে হেজাৰ হেজাৰ বিভিন্ন প্ৰজাতিৰ গছৰ পুলি এই অৰণ্যৰ ইতিমধ্যে মুকলি হৈ পৰা ঠাইসমূহত ৰোপণ কৰি আহিছে। আজি আৰম্ভ হোৱা বৰ্ষটোৰ বনানীকৰণ কাৰ্যসূচী মুকলি কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বনানীকৰণৰ এই প্ৰচেষ্টাত তেওঁ সদায় সহযোগ কৰি যাব আৰু গ্ৰাম্য অভয়াৰণ্যখনক ৰাতি পহৰা দি ইয়াৰ সম্পদৰ সুৰক্ষা সুনিশ্চিত কৰা চ’ছাইটিৰ ১৪ জন স্বেচ্চাসেৱীলৈ যি পাৰে পাৰিশ্ৰমিক আগবঢ়োৱাৰ চেষ্টা কৰিব বুলি প্ৰকাশ কৰে। কোঁৱৰে চ’ছাইটি খনে নিজা উদ্যোগত নিৰ্মাণ কৰি থকা চলা ইক’কেম্প আৰু চফ্ৰাই নৈৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা লোহাৰ দলঙৰ কামো পৰিদৰ্শন কৰে আৰু আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাত পাৰ্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। চৰকাৰৰ ক’ভিড বিধি মানি  আজি অনুষ্ঠিত হোৱা বনানীকৰণ কাৰ্যসূচীত বিধায়ক গৰাকীৰ উপৰি কিছু সংখ্যক স্থানীয় ৰাইজ নাফুক স্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ডেপুটি ৰেঞ্জাৰ, খণ্ড বন বিষয়া মনোজ গগৈ উপস্থিত থাকে । চ’ছাইটিৰ সম্পাদক প্য ছেং চউলুৱে জানিবলৈ দিয়ে যে গ্ৰাম্য অভয়াৰণ্যখনৰ সকলো মুক্ত অঞ্চলত প্ৰতিবছৰে এইদৰেই বনানীকৰণ কৰা হব। বনাঞ্চল খনত বেদখল ৰোধৰ বাবে এই কাৰ্য অতি প্ৰয়োজনীয় বুলি চউলুৱে জানিব দিয়ে। এইবাৰৰ এই বনানীকৰণ কাৰ্যসূচীৰ দ্বাৰা এজাৰ, ভোমোৰা, অৰ্জুন আৰু পমা গছৰ পাঁচশকৈ আৰু এহেজাৰ শিলিখা গছৰ পুলি ৰোপণ কৰা হ’ব বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া এয়ে যে চলা ভিলেজ চেঞ্চুৰী কনজাৰভেচন চ’ছাইটিয়ে বনাঞ্চলখনত এতিয়ালৈকে ২০ হাজাৰ মূল্যবান গছৰ পুলি ৰোপণ কৰিছে।