বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চকচীক অনাৰ ব্যয় হ’ব প্ৰায় ৩ কোটি

চকচীক অনাৰ ব্যয় হ’ব প্ৰায় ৩ কোটি

বেংক জালিয়তিৰ নায়কৰ নামত পুনৰ ব্যয় হ’ব কেইবা কোটি

নতুন দিল্লী, ৩১ মে’: পঞ্জাৱ নেচনেল বেংকৰ কোটিটকীয়া ঋণ কেলেংকাৰীৰ মূল অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী মেহুল চোকচীক ডমিনিক ৰিপাব্লিকত গ্ৰেপ্তাৰৰ পিছত এতিয়া গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলাই নিবলৈ চোকচীক ভাৰতলৈ অনাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে৷এই অভিযুক্ত গৰাকীক ভাৰতলৈ অনাৰ বাবদ কিন্তু ব্যয় হ’ব কেইবা কোটি টকা৷তেওঁক ভাৰতলৈ অনাৰ বাবে ইতিমধ্যে বম্বেৰডায়াৰ ৫০০০ জেট বিমান বুক কৰা হৈছে৷এই প্ৰাইভেট চাৰ্টাৰ বিমানৰ প্ৰতি ঘণ্টাৰ বাবদ ব্যয় হ’ব ৮.৪৬ লাখ টকা৷এণ্টিগুৱাৰ পৰা ভাৰতলৈ আহিবলৈ প্ৰায় ১৬ ৰ পৰা ১৭ ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷সেই হিচাপে তেওঁক অনাৰ বাবদ ১.৩৫ কোটিৰ পৰা ১.৪৬ কোটি টকাৰ ব্যয় হ’ব৷এই বিমানখন চকচীক থৈ উভতি যোৱাৰ ব্যয়ো বহন কৰিব লাগিব চৰকাৰে৷মুঠ ২কোটি ৭০ লাখৰ পৰা ২ কোটি ৮৬ লাখ টকা ব্যয় হ’ব কেৱল তেওঁক ভাৰতলৈ অনাৰ বাবদ৷তদুপৰি ইয়াৰ লগত জিএছটিৰ বাবদ আন এক কৰ বহন কৰিব লাগিব চৰকাৰে৷
 উল্লেখযোগ্য যে  কেইবাবছৰ ধৰি এন্টিগুৱাৰ নাগৰিকত্ব গ্ৰহণ কৰি দেশখনতে বসবাস কৰা চকচীৰ গ্ৰেপ্তাৰক লৈ  মন্তব্য কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনীয়ে ।সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনীয়ে কয় এনেদৰে, ”  মেহুল চোকচিক পঞ্জাৱ নেশ্যনেল বেংকৰ গোচৰৰ বাবে ভাৰত চৰকাৰে ভাৰতলৈ নিব৷গ্ৰেপ্তাৰ হোৱাৰ সেই বিশেষ দিনটোত   গাৰ্লফ্লেণ্ডৰ সৈতে এক ৰোমাণ্টিক ভ্ৰমণৰ বাবে ডমিনিকালৈ  গৈছিল  তেওঁ আৰু তাতে তেওঁ ধৰা পৰে।”