বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Neighbours  / China  / দুটা নহয়, তিনিটা সন্তানৰ অনুমতি

দুটা নহয়, তিনিটা সন্তানৰ অনুমতি

চীন চৰকাৰৰ ৩ টা সন্তানৰ নীতি ঘোষণা

বেইজিং, ৩১ মে’: বিশ্বৰ সবাতোকৈ জনবহুল দেশ চীন শেহতীয়াকৈ এক নতুন সমস্যাৰ সন্মুখীন হৈছে৷অভূতপূৰ্বভাৱে হ্ৰাস পাইছে ইয়াত নৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সংখ্যা আৰু তাৰ বিপৰীতে বৃদ্ধি পাইছে বৃদ্ধ লোকৰ সংখ্যা৷২০১৬ চনৰ আগলৈকে দেশখনত জনসংখ্যা বৃদ্ধিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এটা সন্তান জন্ম দিয়াৰ নীতিহে প্ৰযোজ্য আছিল যদিও ২০১৬ চনত দুটা সন্তান নীতি বলবৎ কৰা হৈছিল৷জিনহুৱা সংবাদ প্ৰতিষ্ঠানৰ এক সূত্ৰই জনোৱা মতে আজি চীনৰ চৰকাৰে তিনিটা সন্তান জন্ম দিয়াৰ নীতি কাৰ্যকৰী কৰিছে অৰ্থাৎ এতিয়াৰ পৰা চীনা দম্পতীয়ে ৩ টাকৈ সন্তান জন্ম দিব পাৰিব৷২০১৬ চনত দুটা সন্তান জন্ম দিয়াৰ নীতি বলবৎ হ’লেও কিন্তু চীনৰ লোকসকলে বৰ্ধিত ব্যয়ৰ হেঁচাত এক সুস্থ সবল জীৱন যাপন কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল৷চীনত সন্তানৰ পঢ়ুৱাৰ ব্যয় বৃদ্ধি পোৱাৰ লগতে,বিভিন্ন কৰ,ঘৰৰ সমস্যা আদিয়ে দম্পতী সকলক চিন্তিত কৰাৰ বাবেই তেওঁলোকে দুটি সন্তান জন্ম দিয়াৰ বাবে সেউজ সংকেত পালেও এই নীতি অনুসৰণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী নাছিল৷

চীন চৰকাৰে দেশখনত কৰা এক লোকপিয়লত দেশখনত বৃদ্ধ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সন্তানৰ জন্মৰ হাৰ কমাত এই সিদ্ধান্ত গ্ৰহণ কৰে৷

এসময়ত   জনসংখ্যা বিস্ফোৰণে ভয়াবহ ৰূপ লোৱাত  চীনে কঠোৰ পৰিয়াল পৰিকল্পনা নীতি লৈছিল, সেই অনুযায়ী যোৱা ৪০ বছৰ ধৰি এহাল দম্পতীয়ে   জন্ম দিব পাৰিছিল মাত্ৰ এটা সন্তান। স্থবিৰতা আৰু জনশক্তিৰ কথা বিবেচনা কৰি লোৱা উক্ত সিদ্ধান্ত এতিয়া উঠাই দিয়া হৈছে। তিনিটা সন্তানৰ সিদ্ধান্ত চীনৰ কমিউনিষ্ট পাৰ্টীৰ পলিটব্যুৰ’ৰ সোমবাৰৰ বৈঠকত লোৱা হয়। অৱশ্যে চীনৰ জিনহুৱা সংবাদ প্ৰতিষ্ঠানে চলোৱা এক জনমত সংগ্ৰহ অনুষ্ঠানত ভাগ লোৱা ৩১ হাজাৰ লোকৰ ২৯ হাজাৰেই তৃতীয়টো সন্তানৰ কথা ভাবিবই নোৱাৰে বুলি উল্লেখ কৰিছিল৷ইয়াৰ পিছতে চীনৰ চৰকাৰে মহিলাৰ কৰ্মসংস্থাপন,মজুৰি বৃদ্ধি,কৰ ৰেহাই,শিক্ষাৰ মাচুল ৰেহাই আদিৰ দৰে কিছু নতুন পন্থা গ্ৰহণ কৰিব বুলি জনাইছিল৷