বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Neighbours  / Bangladesh  / ৰিফাতুলে চলাই মধ্যপ্ৰাচ্যত দেহ ব্যৱসায়

ৰিফাতুলে চলাই মধ্যপ্ৰাচ্যত দেহ ব্যৱসায়

৬ জন অপৰাধী গ্ৰেপ্তাৰ

বাংগালুৰু, ৩১ মে’: সমগ্ৰ দেশ কঁপাই যোৱা বাংগালুৰুৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাটোৰ আটাইকেইটা অভিযুক্তক কৰায়ত্ত কৰাৰ পিছত পোহৰলৈ আহিছে আন এক খবৰ৷ 

উল্লেখযোগ্য যে ৰিফাতুল ইছলাম হৃদয় নামৰ পাষণ্ডটোৰ নেতৃত্বত বাংগালোৰত এগৰাকী বাংলাদেশী যুৱতীক ধৰ্ষণৰ লগতে পাশৱিক নিৰ্যাতন চলাইছিল আৰু সেই ভিডিঅ’টো চ’ছিয়েল মেডিয়াত আপলোডো কৰিছিল পাষণ্ড কেইটাই৷এই ৰিফাতুলৰ নেতৃত্বত গঢ়ি উঠিছিল এক মানৱ দেহ ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ গেং ৷এই দেহ ব্যৱসায়ীী তথা মানৱ সৰবৰাহকাৰী গ্ৰুপটোৰ নাম ‘টিকটক হৃদয় বাবু’৷এই গ্ৰুপটোত মধ্য প্ৰাচ্যৰ কেইবাখনো দেশৰ লগতে ভাৰত আৰু সংযুক্ত আমীৰশ্বাহীতো ইয়াৰ নেটৱৰ্ক আছে৷এই গ্ৰুপটোৰ জৰিয়তে দলটোৱে উক্ত দেশসমূহত অবস্থিত হোটেলত যুৱতী,মহাবিদ্যালয়ৰ ছাত্ৰী আদি যোগান ধৰে৷আৰক্ষী সূত্ৰই জনোৱা মতে নগৰ-চহৰ অঞ্চলৰ যুৱতী তথা গৃহিণীক এই মানৱ সৰবৰাহকাৰী গোটটোৱে লক্ষ্য হিচাপে লয়৷ইতিমধ্যে এই অপৰাধী কেইটাক বাংলাদেশে ঘূৰাই নিয়াৰ সিন্ধান্তৰ কথা সদৰী কৰিছে ঢাকা মেট্ৰপলিটান জিলাৰ উপায়ুক্ত মহম্মদ চাহিদুল্লাই৷এতিয়ালৈকে এই নেটৱৰ্কৰ দুগৰাকী মহিলাৰ লগতে চাৰি জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে৷বাংলাদেশ আৰু ভাৰত দুয়োখন দেশৰ আৰক্ষীয়ে এই গোচৰটোৰ বিচাৰ কৰিব৷