মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছে অখিল গগৈয়ে

ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছে অখিল গগৈয়ে

কাৰাগাৰৰ পৰাই আৰম্ভ কাম

গুৱাহাটী, ১ জুন: শিৱসাগৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল অখিল গগৈ কিন্তু তেওঁ এতিয়াও কাৰাবন্দী৷সেয়ে সমষ্টিবাসীক সেৱা কৰিবলৈ তেওঁ ক্ষমতা বিকেন্দ্ৰীকৰণৰ সিন্ধান্ত লৈছে৷

কাৰাগাৰৰ  পৰাই ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কৰ্ম আঁচনি প্ৰস্তুত কৰিছে বিধায়ক অখিল গগৈয়ে।বিধায়কৰ ক্ষমতাৰ পূৰ্ণ বিকেন্দ্ৰীকৰণৰ জৰিয়তে  সমষ্টিবাসীৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ কৰি সমষ্টিৰ উন্নয়নত অৰিহণা  যোগাব বিচাৰিছে বিধায়ক গগৈয়ে। কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টি উন্নয়নৰ প্ৰথম প্ৰয়াস হিচাপে ৩খন সমিতিৰে  সমষ্টিৰ উন্নয়নৰ দিশটো চোৱাচিতা কৰাৰ সিন্ধান্ত লৈছে। গণতান্ত্ৰিক তথা বিজ্ঞানসন্মত পদ্ধতিৰে সমষ্টিবাসীৰ হাতত বিধায়ক গগৈয়ে ক্ষমতা অৰ্পণ কৰিছে তেওঁ৷

আজি দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত  ৰাইজৰ দলৰ নেতৃত্বই এই কথা সদৰী কৰ। সমষ্টিৰ উন্নয়নৰ বাবে বিধায়ক গৰাকীয়ে গঠন কৰা সমিতি তিনিখন হৈছে- সমষ্টি পৰিচালনা সমিতি, সমস্যা চিনাক্তকৰণ সমিতি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি।উল্লেখ্য প্ৰতিখন সমিতিৰ বাবে নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্ধাৰণ কৰা হৈছে। সেই মতে সমষ্টি পৰিচালনা সমিতিৰ কাম হ’ব বিধায়ক গৰাকীক সমষ্টি উন্নয়নৰ সকলো দিশত সহায়-সহযোগ,দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰা।একেদৰে সমষ্টি পৰিচালনা সমিতিৰ কাম হ’ব বিধায়ক গৰাকীৰ দৈনিক কাম-কাজ তদাৰক কৰা ৷ সমিতিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কগৰাকীয়ে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব। ইফালে পৰ্যটন উন্নয়ন উপদেষ্টা সমিতিৰ কাম শিৱসাগৰক পৰ্যটন নগৰীৰূপে গঢ়ি তুলিবলৈ সামগ্ৰিক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা। এই সমিতিয়ে চলিত বৰ্ষৰ ১জুলাইৰ ভিতৰত প্ৰতিবেদন দিব লাগিব।সমিতিখনৰ অধ্যক্ষ দুৰ্লভ বৰা।

সমষ্টি পৰিচালনা সমিতিৰ অধ্যক্ষ মুনিন্দ্ৰ লাহন, উপাধ্যক্ষ নৱাব জহিদুল হক, সম্পাদক প্ৰাঞ্জল প্ৰতিম খনিকৰ, সমন্বয়ক অনুজ গগৈ, চৈয়দ ৱাহিদ হুছেইন ৷ সমিতিত প্ৰতিখন পঞ্চায়ত-পৌৰসভাৰ পৰা এজনকৈ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হৈছে।

একেদৰে সমষ্টিৰ সমস্যা চিনাক্তকৰণ সমিতিৰ অধ্যক্ষ মাখন চন্দ্ৰ গগৈ, উপাধ্যক্ষ অনুপ বৰপাত্ৰ গোহাঁই, সম্পাদক মজিদ আলি, সমন্বয়ক পল্লৱী গগৈ, মুনমী দত্ত, বদৰুদ্দিন আহমেদ, মনজিৎ দাস, দুলাল দাস, দীপাংকৰ কোঁৱৰ।গুৰুত্বপূৰ্ণ কথা সমিতিখনত সমষ্টিৰ সকলো পঞ্চায়ত আৰু পৌৰসভাক প্ৰতিনিধিত্ব কৰাকৈ মুঠ ৮৭ গৰাকী সদস্য ৰখা হৈছে।এই সমিতিৰ কাৰ্যকাল এক বছৰ৷

 সমিতিৰ কোনো সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থাকিলে আৰু অভিযোগৰ প্ৰমাণ পালে তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ব বুলিও স্পষ্ট কৰি দিয়া হয়৷