সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ধন্যবাদ ময়ুৰী!

ধন্যবাদ ময়ুৰী!

বান সাহাৰ্যত অন্তৰ্ভুক্ত চেনিটেৰী নেপকিন

গুৱাহাটী,১ জুন: অসমত প্ৰতি বছৰে অহা বানৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এক সময়োপযোগী সিন্ধান্ত গ্ৰহণ কৰিছে৷চলিত বৰ্ষৰ পৰা বানাক্ৰান্ত লোকলৈ আগবঢ়োৱা সাহাৰ্যৰ তালিকাত মহিলাৰ বাবে চেনিটেৰী নেপকিন সন্নিৱিষ্ট হ’ব৷ ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিখন জিলালৈ জৰুৰী নিৰ্দেশ প্ৰেৰণ কৰিছে ৰাজ্যৰ ৰাজহ বিভাগে ৷উল্লেখযোগ্য যে, তেজপুৰৰ ময়ূৰী ভট্টাচাৰ্য নামৰ এগৰাকী যুৱতীৰ প্ৰচেষ্টাতেই চৰকাৰে এই অভিনৱ পদক্ষেপ  গ্ৰহণ কৰিছে ৷ 
কৰ্মসূত্ৰে পশ্চিম বংগত থকা ময়ূৰীয়ে দুবছৰ পূৰ্বে চেনিটেৰী নেপকিন অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভূক্ত হ’ব লাগে বুলি এক সজাগতা আনিছিল ৷ ময়ূৰীৰ ‘ডিগনিটী ইন ফ্লাড’ শীৰ্ষক এক আৱেদনৰ ভিত্তিতে  অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে চেনিটেৰী নেপকিনক অত্যাৱশ্যকীয় সাহাৰ্য সামগ্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এই  সিদ্ধান্তক সমৰ্থন তথা সহযোগিতা আগবঢ়াইছে স্বাস্থ্য বিভাগ আৰু সমাজ কল্যাণ বিভাগে।বানাক্ৰান্তৰ বাবে স্থাপন কৰা শিৱিৰত মহিলা সকলে পাব এই সুবিধা ৷ চলিত বৰ্ষৰ বাবে ইতিমধ্যে নিবিদা আহ্বানো কৰিছে বিভাগটোৱে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জনাইছে  ময়ুৰীয়ে। সকলো জিলা উপায়ুক্তই ৰাজহ বিভাগৰ এই পত্ৰ লাভ কৰিছে ৷ উল্লেখযোগ্য শেহতীয়া এই নিৰ্দেশনাত শিশু খাদ্য সামগ্ৰীকো অত্যাৱশ্যকীয় সামগ্ৰীত অন্তৰ্ভুক্ত কৰা হৈছে৷