সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পৰীক্ষা নহয়!

পৰীক্ষা নহয়!

স্বাস্থ্যক লৈ আপোচ নকৰে মোডীয়ে

নতুন দিল্লী, ১ জুন: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা আয়োগৰ দ্বাৰা পৰিচালিত  দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে৷দেশত ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ বাবে  বাতিল কৰা হৈছে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত পৰীক্ষাক লৈ হোৱা পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 ছাত্র–ছাত্ৰীৰ মূল্যাংকন কৰিবৰ বাবে বিকল্প পন্থা গ্ৰহণ কৰা হ’ব।দেশত কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত কেন্দ্ৰীয় চৰকাৰে এই সিন্ধান্ত গ্ৰহণ কৰিছে ৷
 ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সুৰক্ষা সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ ওপৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷