মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মহানগৰীত আৰু মহাপ্লাৱন নহ’ব!

মহানগৰীত আৰু মহাপ্লাৱন নহ’ব!

পদক্ষেপ লৈছে গুৱাহাটী উন্নয়ন বিভাগে

গুৱাহাটী, ১ জুন: কৃত্ৰিম বানৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ এইবাৰ কিছু সক্ৰিয় হৈছে গুৱাহাটী উন্নয়ন বিভাগ৷সেয়ে পৌৰ নিগমে দিনে–নিশাই চলাইছে নলা–নর্দমা পৰিস্কাৰ কৰাৰ কাম৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘলৰ তৎপৰতাত পৌৰ নিগমে মহানগৰীৰ সকলো নলা–নর্দমা পৰিস্কাৰ কৰাৰ লগতে বাৰিষাৰ কৃত্রিম বানৰ ফলত কোনো অঘটন যাতে ঘটিব নোৱাৰে, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷কৃত্ৰিম বানৰ ফলত মহানগৰীৰ বিভিন্ন পথ তথা উপপথত থকা বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰাৰ বাবে পৌৰ নিগমে বিদ্যুত বিভাগক  ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷ বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা অনিল নগৰ, নবীন নগৰ , হাতীগাঁও, লখৰা, বশিষ্ঠ ,দিছপুৰ,ডাউনটাউন আদিকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত ক্ষীপ্রতাৰে  নলা পৰিস্কাৰ কৰাৰ কাম আৰম্ভ কৰিছে৷ তদুপৰি মহানগৰীৰ বাহিনী নৈৰ দুয়োকাষে থকা ঘাঁহ–বন আৰু আৱর্জনা আঁতৰ কৰাৰ ক্ষেত্রতো গুৱাহাটী পৌৰ নিগমে ক্ষীপ্ৰতাৰে  কাম কৰিছে৷  সান্ধ্য আইনৰ মাজতে নিশাৰ ভাগতো পৌৰ নিগমৰ কর্মচাৰীয়ে ৰাজপথৰ আৱর্জনা পৰিস্কাৰ কৰি আহিছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে ভৰলু নদীৰ খনন কার্যও অব্যাহত ৰাখিছে বিভাগটোৱে৷ এক্সকেভেটৰেৰে ভৰলু নদীৰ খনন আৰু পৰিস্কাৰৰ কাম চলি আছে ৷মুম্বাইৰ অসম ভৱনত আৱাসিক আয়ুক্ত হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা গুৱাহাটীৰ নতুনপৌৰ আয়ুক্ত দেৱাশিস শর্মাই দায়িত্ব গ্রহণ কৰিয়েই মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্রদান কৰিছে৷ তেওঁ মহানগৰবাসীক  সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে গুৱাহাটী পৌৰ নিগমৰ ফেচবুক পেজ, টুইটাৰ, জি এম চিৰ নিয়ন্ত্রণ কক্ষত ফোনযোগেও অৱগত কৰিবলৈ আহ্বান জনাইছে তেওঁ৷