বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / হয়,চীনেই কৰ’নাৰ জন্মদাতা!

হয়,চীনেই কৰ’নাৰ জন্মদাতা!

বাদুলিৰ পৰা এই ভাইৰাছ সংক্ৰমণ হোৱা নাই

নতুন দিল্লী, ৩১ মে’: সমগ্ৰ বিশ্বকে নিতাল নিস্তব্ধ কৰি    তোলা কৰ’না ভাইৰাছৰ ওপৰত নিত্য নতুন গৱেষণা অব্যাহত আছে। বিভিন্ন দেশৰ বিজ্ঞানী তথা গৱেষক সকলে ক’ৰনা ভাইৰাছৰ  উৎপত্তি সম্বন্ধে অব্যাহত ৰাখিছে গৱেষণা। বেছিভাগ গৱেষণাতেই এইটো কোৱা হৈছে যে এই ভাইৰাছ অৰ্থাৎ ক’ভিড ভাইৰাছ চীনৰ য়ুহানৰ পৰীক্ষাগাৰতেই  উদ্ভৱ হৈছিল।  চীনে এই অভিযোগ  অস্বীকাৰ কৰি আহিছে।  ব্ৰিটিছ বিজ্ঞানী তথা গৱেষক সকলে পুনৰ এনে এটা গৱেষণা আৰম্ভ কৰিছে আৰু  গৱেষণাৰ অন্তত তেওঁলোকে পুনৰ দাবী কৰে যে উক্ত ভাইৰাছ চীনৰ য়ুহানৰ এটা পৰীক্ষাগাৰৰ পৰা উদ্ভৱ হোৱাতো নিশ্চিত।ব্ৰিটিছ বিজ্ঞানীসকলে গৱেষণাত এই তথ্যও প্ৰকাশ কৰিছে যে বাদুলিৰ পৰা প্ৰাকৃতিকভাৱে এই ভাইৰাছ বিয়পি পৰাৰ কোনো উপযুক্ত প্ৰমাণ নাই।   আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেও চোৰাংচোৱা সংস্থাক এই সন্দৰ্ভত ৯০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ  নিৰ্দেশ দিছিল।উক্ত গৱেষণাটো ব্ৰিটিছ অধ্যাপক এংগছ ডেল্গলিছ আৰু নৰৱেৰ চিকিৎসক বাৰ্গাৰ চোৰেনছেনে পৰিচালনা কৰিছিল। তেওঁলোকৰ মতে, গৱেষণাৰ সময়ত চীনৰ য়ুহান লেবৰ পৰাই চাৰ্ছ চিঅ’বি  ভাইৰাছ নিৰ্গত হৈছিল।  চীনা বিজ্ঞানীসকলে বিশ্বক দেখুৱাব বিচাৰিছিল যে ভাইৰাছটো পৰীক্ষাগাৰৰ পৰা নহয়, স্বাভাৱিকতে বাদুলিৰ পৰা বিয়পে পৰিছিল ৷