বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৰেচন কাৰ্ড ঘূৰাই দিয়ক!

ৰেচন কাৰ্ড ঘূৰাই দিয়ক!

স্বচ্ছল সকলক ৰেচন কাৰ্ড ঘূৰাবলৈ ক’লে যোগান মন্ত্ৰীয়ে

গুৱাহাটী, ৩১ মে’: ৰেচন কাৰ্ড বিহীন দুখীয়া লোক সকলক ৰেচন কাৰ্ড প্ৰদান কৰি আৰ্থিক সকাহ দিয়াৰ লগতে এক সুস্থ জীৱন যাপনৰ সুবিধা দিয়াৰ স্বাৰ্থত আৰ্থিক ভাৱে স্বচ্ছল লোকসকলক ৰেচন কাৰ্ড ঘূৰাই দিবলৈ  আহ্বান জনাইছে মন্ত্ৰী ৰণজিত কুমাৰ দাসে।”যিসকল লোক আৰ্থিক ভাৱে স্বচ্ছল অৰ্থাৎ যাৰ বছৰেকীয়া আয় ১ লাখতকৈ অধিক বা যাৰ চৰকাৰী চাকৰি আছে বা যিসকল পেঞ্চনাৰ তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লৈ থকাটো যুক্তিসংগত নহয়” -এনেদৰে কয় যোগান মন্ত্ৰী গৰাকীয়ে। ” মই বিনম্ৰতাৰে আৰ্থিক ভাৱে স্বচ্ছল প্ৰতিজন লোককে ৰেচন কাৰ্ড সমূহ স্ব-ইচ্ছাৰে ঘূৰাই দি দুখীয়া ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছোঁ” -পুনৰ এনেদৰে কয় দাসে৷