বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কৰ্ণাটকৰ ব্যৱসায়ীয়ে অক্সিজেন দিলে নগঞাক

কৰ্ণাটকৰ ব্যৱসায়ীয়ে অক্সিজেন দিলে নগঞাক

১৫ টা কনচেনট্ৰেটৰ মেচিন দিলে নগাঁৱত

নগাঁও, ৩জুন:  সাম্প্ৰতিক সময়ত ক’ভিড আক্ৰান্ত ৰোগী সকলে অক্সিজেনৰ অভাৱৰ বাবে বহুক্ষেত্ৰত কৰুণভাৱে মৃত্যুক সাৱটি ল’ব লগা হৈছে। বিশেষকৈ গ্ৰামাঞ্চলত ক’ভিড আক্ৰান্ত ৰোগী সকলে অক্সিজেনৰ অভাৱত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তেনে সময়তে বাঙ্গালোৰৰ এগৰাকী ব্যৱসায়ী আগবাঢ়ি আহিছে নগাঁৱৰ গ্ৰামাঞ্চলৰ ৰাইজক সহায় আগবঢ়াবলৈ। ইতিমধ্যে তেওঁ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ হাতত অৰ্পণ কৰিছে ১৫টাকৈ অক্সিজেন কনচেনট্ৰেটৰ মেচিন। এই মেচিনে ক’ভিড ৰোগীক অক্সিজেন গ্ৰহণত সহায় কৰিব। ভাৰতীয় বজাৰত এটা অক্সিজেন কনচেনট্ৰেটৰৰ মূল্য প্ৰায় ১লাখ ৬৫হাজাৰ টকা। এনেকুৱা ১৫টা মেচিন বিনামূলীয়াকৈ নগাঁওবাসীলৈ আগবঢ়াইছে বাঙ্গালোৰৰ আশীৰ্বাদ পাইপচ প্ৰাইভেট লিমিটেডৰ মুখ্য প্ৰৱন্ধক দীপক মালহোট্ৰাই। আজি নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী ছৈয়দ খানে বিধায়ক ৰূপক শৰ্মাক আনুষ্ঠানিক ভাৱে এই মেচিন কেইটা প্ৰদান কৰে। বিধায়ক ৰূপক শৰ্মাই এই অক্সিজেন কনচেনট্ৰেটৰ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত বিতৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমক অৱগত কৰে। বিধায়ক গৰাকীয়ে এই কাৰ্যৰ বাবে ব্যৱসায়ী গৰাকীক কৃতজ্ঞতা জনোৱাৰ লগতে এতিয়াৰে পৰা নগাঁৱৰ ৰাইজে সম্পূৰ্ণ বিনামূলীয়া ভাৱে এই সেৱা লাভ কৰিব বুলিও জনায়।