শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Uncategorized  / নামতোলাতো ড্ৰাগছ ওলাল

নামতোলাতো ড্ৰাগছ ওলাল

পিয়াপি দিছে ড্ৰাগছ বেপাৰীয়ে

চৰাইদেউ, ২ জুন: ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানৰ অংশস্বৰূপে আজি সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। আটকাধীন যুৱক তিনিজন হ’ল চৰাইদেউ জিলাৰ সৰুপথাৰৰ আদিত্য গগৈ, সাপেখাতি ৰহনৰ কৃষ্ণমণি বৰগোহাঁই আৰু সোণাৰি নগৰৰ চাজাদ হুছেইন। নামতোলা আৰক্ষীয়ে অভিযান চলাই আটক কৰে তিনিওজন যুৱকক। জানিব পৰা মতে আজি সন্ধিয়া নামতোলা আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি চলোৱা এক অভিযানত নাগালেণ্ড সীমান্তৰ কোনো এক স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক কেইজন। AS 33 3440 নম্বৰৰ এখন আপাচি বাইকত অহা যুৱক কেইজনৰ পৰা যথেষ্ট পৰিমানৰ ব্ৰাউন ছুগাৰ জব্দ কৰা লগতে দুটা মোবাইল ফোন আৰু বাইকখন জব্দ কৰিছে আৰক্ষীয়ে ৷