বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / পৰীক্ষা বোলে ছেপ্তেম্বৰৰ ভিতৰত হ’ব!

পৰীক্ষা বোলে ছেপ্তেম্বৰৰ ভিতৰত হ’ব!

চৰম অনিশ্চয়তাত পৰীক্ষাৰ্থী

গুৱাহাটী, ২জুন: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অহা ৫ ছেপ্তেম্বৰৰ আগতে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সংসদ৷আজি শিক্ষা সংসদৰ অধ্যক্ষ হিচাপে যোগদান কৰি এই কথা দৃঢ়তাৰে ঘোষণা কৰে ড° ৰুক্ম গোঁহাই বৰুৱাই৷উল্লেখযোগ্য যে দেশত চলি থকা ক’ভিড মহামাৰীৰ বাবে বিগত মে’ মাহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটো পিছুৱাব লগীয়া হৈছিল৷আজি অধ্যক্ষগৰাকীয়ে কয় ”মোৰ সন্মুখত সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে৷ক’ভিডৰ সকলো নীতি মানি আমি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত৷”আজি ৰুক্ম গোঁহাই বৰুৱাৰ অধ্যক্ষ হিচাপে যোগদান উপলক্ষে অনুষ্ঠিত সংবাদমেলত সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়াই কয় যে জুলাই-আগষ্ট মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে। তেওঁ লগতে কয় যে ছটা বিষয় অপচনেল হিচাপে দিয়া হ’ব আৰু ইয়াৰ পৰা তিনিটা বিষয় লৈ পৰীক্ষা আয়োজনৰ কথা বিবেচনা কৰা হৈছে। ইতিমধ্যে চৰকাৰলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে যদিও এই মুহূৰ্তলৈকে চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জনাই সচিবগৰাকীয়ে। চৰকাৰে সিদ্ধান্ত ল’লে ১৫ দিনৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হ’ব বুলিও তেওঁ লগতে জনায়৷